Jibonor Ramdhenu Poem By Kuladhar Rabha

Jibonor Ramdhenu Poem
Jibonor Ramdhenu Poem

Jibonor Ramdhenu Poem:--

ৰঙীন স্বপ্নত মোৰ
তাই আহে
নিবিড়ভাৱে সংগোপনে
কিম্বা জীৱনৰ ৰামধেনুৰ ৰং
ৰঙীন, শুভ্ৰ, কলা...
হয়তোবা সেউজীয়া !

অন্ত নাই জীৱনত
মৰীচিকা
অন্তহীন হৃদয়ত,
সংগোপনে তুমি আহিলা
ধৰা দিলা মোৰ দুচকুত
লাহে লাহে ক্ৰমশঃ পাহৰিছোঁ
জীৱনৰ তিক্ততা

আধৰুৱা এই জীৱন বাটত
কাৰবাবেনো  হঁহা-কন্দা?
মৰম-ভালপোৱাই নোৱাৰে জানো
বোৱাব আমাৰ প্ৰেমৰ মাদকতা?

নতুন বুলিনো আছে কি
আজি নতুন কাইলৈ পুৰণি,
ঠিক সময়ৰ দৰে
সময়ৰ দৰে পৰিৱৰ্তনশীল
আমাৰ কৰ্ম
আমাৰ প্ৰগতি,
আমাৰ জীৱনৰ গতি ।

Post a Comment

Previous Post Next Post

Contact Form