Jibontu Jodi Abhinay Hoi Lyrics | Bhupen Hazarika

Song: Jibontu Jodi Abhinay (জীৱনটো যদি অভিনয় হয়)
Singer: Bhupen Hazarika
Jibontu Jodi Abhinay Hoi Lyrics
Jibontu Jodi Abhinay Hoi Lyrics

Jibontu Jodi Abhinay Hoi Lyrics:---

জীৱনটো যদি অভিনয় হয়
যদি অভিনয়তে মৰম ৰয়
সেই মৰমৰ দাম কিমাননো ?
আকাশ এখিলা যদি কাগজ হয়
আৰু জোনটো যদি আচল নহয়
সেই জোনাকৰ ৰহণ কিমাননো ?

বুজিও নুবুজা হৈ আমি
ভুলকে ভাল বুলি বোটলোঁ কিয় ?
বাহিৰে ৰং চং দেখি আমি
কোৱাভাতুৰীকে আদৰোঁ কিয় ?
সেয়ে ক্ষণে ক্ষণে
কান্দো মনে মনে
নিচুকাব নিতৌ কোনেনো ?

বহুৱা সাজি সাজি আমি
মিছা মৰমতে সাঁতোৰোঁ কিয় ?
তপত মৰুভূমিতে আমি
মিছা মৰীচিকা খেদোঁনো কিয় ?
সেয়ে কতজনে
নিতে নিতে গণে
পৃথিৱীৰত সুখী কিমাননো ?

Post a Comment

Previous Post Next Post

Contact Form