Kar Janu Poroxot Lyrics | Rudra Baruah

Published on March 6, 2020

Song: Kar Janu Poroxot (কাৰ জানো পৰশত)

Singer: Rudra Baruah

Kar Janu Poroxot Lyrics
Kar Janu Poroxot Lyrics

Kar Janu Poroxot Lyrics:—

কাৰ জানো পৰশত ফুলি উঠে মোৰ
মাধৈ-মালতী পাহি
পশ্চিম অকাশখনি ৰটোৱালে ঢকা আজি
তাৰ মাজে আহে মোৰ 
সোণৰ সপোন ভাঁহি ভাঁহি।

তৰা বছা আকাশৰ লাজুকী জোনে
ওলগ জনায় যেন মিচিকি হাঁহি
চালেদি সৰাগ দেখা পঁজাটিত যেন
বাজি উঠে শত সুৰে
মোৰ মন বাঁহী।

মোৰ আকাশৰ ক’লীয়া ডাৱৰ
চমকা চমকে যায় উৰি
নুমাওঁ নুমাওঁ যেন দ্বীপগছি মোৰ
জ্বলি উঠে জ্বলি উঠে
অজানাৰ আগমন জানি।