Assamese Lyrics
Morome Dhuwai Niya Lyrics By Kavita Krishnamurthy
Song: Morome Dhuwai Niya (মৰমে ধুৱাই নিয়া)
SInger: Kavita Krishnamurthy
![]() |
| Morome Dhuwai Niya Lyrics |
Morome Dhuwai Niya Lyrics:–
(মৰমে ধুৱাই নিয়া
জোনাক কোমল গধূলি
তুমি আৰু মই আছোঁ বহি
এই নিৰিবিলি গধূলি
এই নিৰিবিলি গধূলি…) ×২
মৰমে ধুৱাই নিয়া…
(মনৰ গোপন অবুজ কথা
কেনেকৈ বাৰু মই কওঁ ?
উমি উমি জ্বলা হৃদয় কামনা
কেনেকৈ বাৰু দেখুৱাও ?) ×২
বুকুৰ মাজত দেখোন
অযুত তৰাৰ ধেমালি,
তাতেই যে পাতো সপোন মেলা
তোমাৰ স’তে উমলি
তোমাৰ স’তে উমলি
মৰমে ধুৱাই নিয়া…
(চিন্তা সাগৰ উতল আজি
দূৰৰ আকাশ ধুঁৱলী,
এই পাৰে জ্বলে আশাৰ চাকি
সিপাৰে মাথোঁ কুঁৱলী) ×২
আঁদৰিব খোজো যদি
ভুলকেই ফুল বুলি,
ল’বানে সাৱটি দুহাত মেলি
এই ভুলকেই ফুল বুলি?
এই ভুলকেই ফুল বুলি?
মৰমে ধুৱাই নিয়া
জোনাক কোমল গধূলি…
তুমি আৰু মই আছোঁ বহি
এই নিৰিবিলি গধূলি
এই নিৰিবিলি গধূলি
এই নিৰিবিলি গধূলি
