Muktikaami Lakkhya Janar Lyrics | Bhupen Hazarika

Published on March 22, 2020

Song: Muktikaami Lakkhya Janar (মুক্তিকামী লক্ষ জনৰ)

Singer: Bhupen Hazarika

Muktikaami Lakkhya Janar Lyrics
Muktikaami Lakkhya Janar Lyrics

Muktikaami Lakkhya Janar Lyrics:—

মুক্তিকামী
লক্ষ জনৰ
মৌন প্ৰকাশ
শুনিছানে নাই?
জীৱন আকাশত
নতুন সাহসৰ
পৰিছে জ্যোতি
দেখিছানে নাই?

কিমান পালা
নেপালা কিমান
হিচাপ নকৰিলা
কোনো ক্ষতি নাই
আহিছে সময়
গনণাৰো দিন
কৰিবা প্ৰকাশ
কোনো ত্ৰাস নাই
কাল ৰাত্ৰিৰ
বুকুতে লুকাই
আছেই প্ৰভাত
বুজিলানে নাই?
ৰুদ্ধ দ্বাৰেই
উমুক্ত বায়ুক
সদা কৰে ভয়
বুজিলানে নাই?

জীৱন সিন্ধুৰ
প্ৰতি বিন্দুত
উঠিছে জোৱাৰ
ভাঙি পাৰাপাৰ
মহাশূণ্যৰ
প্ৰতিটো দিশত
শুনিছানে নাই
আশাৰ হুংকাৰ?
যিমান পাৰা
হোৱা অগ্ৰগামী
নৰ’বা কিঞ্চিত্
কোনো লাভ নাই
ধ্বংসকাৰীক
পৰাস্ত কৰা
শান্তি যুঁজৰ
কোনো ক্ষয় নাই
কালৰাত্ৰিৰ
বুকুতে লুকাই
আছেই প্ৰভাত
বুজিলানে নাই?

কালৰাত্ৰিৰ
বুকুতে লুকাই
আছেই প্ৰভাত
বুজিলানে নাই?
মুক্তিকামী
লক্ষ জনৰ
মৌন প্ৰকাশ