O Rongali Xuruje Lyrics By Anupam Saikia

Song: O Rongali Xuruje (অ’ ৰঙালী সূৰুযে)

Singer: Anupam Saikia

O Rongali Xuruje Lyrics
O Rongali Xuruje Lyrics

O Rongali Xuruje Lyrics:--

অ’ ৰঙালী সূৰুযে
ভুমুকি মাৰিলে
অ’ প্ৰকৃতি শুৱনি হ’ল
মৰমজান গাভৰু হ’ল৷

(আইতা ঘৰতে নাই
অ’ মৰমজান
আইতা ঘৰত চোন নাই
চুবুৰীৰ শিপিনীয়ে
বিহুখন পাতিছে
চিৰা পিঠা ভাজিবলৈ যায়) ×২

ককাও ঘৰতে নাই
অ’ মৰমজান
ককাও ঘৰত চোন নাই
(লৈতৰ চাপৰিৰ তৰালী বননিত
তৰাপাত কাটিবলৈ যায়) ×২

কালিলৈ পুৱাতে
গৰু গা ধুৱাব
লগৰ সমনীয়া
ঘাতলৈ আহিব
তোমাকো ঘাটতে পাম
মৰমৰ গামোচা
চেনেহত যাচিবা
হুঁচৰি গাবলৈ যাম
অই মৰমৰ গামোচা
চেনেহত যাচিবা
হুঁচৰি গাবলৈ যাম

বিহু মাৰিবলৈ যাম৷

(ভাইটি ঘৰতে নাই
অ’ মৰমজান
ভাইটি ঘৰত চোন নাই
সোণতলি বাকৰিলৈ
নাচনী আহিছে
ঢোলটি বজাবলৈ যায়) ×২

কালিলৈ পুৱাতে
গৰু গা ধুৱাব
লগৰ সমনীয়া
ঘাতলৈ আহিব
তোমাকো ঘাটতে পাম
মৰমৰ গামচা
চেনেহত যাচিবা
হুঁচৰি গাবলৈ যাম
মৰমৰ গামোচা
চেনেহত যাচিবা
বিহু মাৰিবলৈ যাম
মৰমৰ গামোচা
চেনেহত যাচিবা
হুঁচৰি গাবলৈ যাম

Post a Comment

Previous Post Next Post

Contact Form