Olouguti Tolouguti Lyrics | Bhupen Hazarika

Song: Olouguti Tolouguti (অলৌগুটি তলৌগুটি)

Singer: Bhupen Hazarika

Olouguti Tolouguti Lyrics
Olouguti Tolouguti Lyrics

Olouguti Tolouguti Lyrics:—

অলৌগুটি তলৌগুটি,
কোন কʼত লটি-ঘটি
কচুপাতত লাই
যি হাতে আঙঠি নাই 
সেই হাতে কেনেকৈ পায় – ঐ ৰাম
সেই হাতে কেনেকৈ পায়?

ৰৌ, কুঢ়ি, চেনিপুঠি
চিতলৰে কলঠি
লগতে শাক লফা লাই
কি কʼত বিচাৰি গৈ
কোনে হাবাথুৰি খায় – ঐ ৰাম
কোনে হাবাথুৰি খায়?

কোন মৎস্যকন্যা এহি – ঐ ৰাম
আঙঠি হেৰুৱালে – ঐ ৰাম
পানী তুলিবলৈ গৈ – ঐ ৰাম
পানী তুলিবলৈ গৈ।
চিক্‌মিক্‌ আঙঠি – ঐ ৰাম
দৰিদ্ৰজনৰে – ঐ ৰাম,
গৃহ উজলালে গৈ – ঐ ৰাম
গৃহ উজলালে গৈ।

কোন কʼত আছাঁ
সোণৰে সদাগৰ?
দৰদাম কৰাঁহি চাই
সোণাৰি শালতে বহি 
শিলৰে পাটতে ঘঁহি
সোণৰে আঙঠি কিনা
নেপাবা দুনাই।।

Leave a Comment