Otikoi Senehor Lyrics | Bhupen Hazarika

Published on March 8, 2020

Song: Otikoi Senehor (অতিকৈ চেনেহৰ)

Singer: Bhupen Hazarika

Otikoi Senehor Lyrics
Otikoi Senehor Lyrics

Otikoi Senehor Lyrics:—

অতিকৈ চেনেহৰ বহলকৈ পৃথিৱী
তাতোকৈ চেনেহৰ ভাই,
তাতোকৈ চেনেহৰ ভল্গাৰ বান্ধৈ ঐ
আনন্দৰে সীমা নাই।

ৰুছ দলৰ কি ক্ষিপ্ৰতা চাব,
কি কৌশল চাব?
সমাজৰে পথাৰতে
কিনো ঢোপ খেলিলাঁ
পাৱতে যেন এঠা সনা আছে
সেই এঠাৰে তোমাৰ আমাৰ
দুখন বুকু এখন হʼল
ৰঙতে চোন বলিয়া হৈ নাচে।

এনেনো ভাল লাগে বান্ধৈ,
এনেনো ভাল লাগে
ভল্গা নদী কিনো চাবা
যেন আমাৰ লুইতহে।
এনেনো ভাল লাগে –
ডন্‌ নৈখন কিনো চাবা
যেন জীয়া ভৰলীহে।

এনেনো ভাল লাগে
বোখাৰালৈ কিনো চাবা
যেন আমাৰ কাশ্মীৰহে।


এনেনো ভাল লাগে
মস্কোলৈ কিনো চাবা
শান্তি বিৰাজ কৰিছে।

এনেনো ভাল লাগে
বিজ্ঞানলৈ কিনো চাবা
মানৱ কল্যাণ সাধিছে।

এনেনো ভাল লাগে
ৰাজনীতিলৈ কিনো চাবা
পঞ্চশীল মানিছে।

এনেনো ভাল লাগে
দূৰণিৰে বুকুৰ বান্ধৈক
অসমে আদৰিছে।

এনেনো ভাল লাগে বান্ধৈ
এনেনো ভাল লাগে……।