Assamese Lyrics
Porohi Puwate Lyrics | Bhupen Hazarika
Song: Porohi Puwate (পৰহি পুৱাতে)
Singer: Bhupen Hazarika
![]() |
| Porohi Puwate Lyrics |
Porohi Puwate Lyrics:—
পৰহি পুৱাতে টুলুঙা নাৱতে
ৰংমন মাছলৈ গ’ল
মাছকে মাৰিবলে’ নেলাগে যাবলে’
ধুমূহা আহিবৰ হ’ল ।
ক’ৰবাত কেনেবাকে’ ঘঁৰিয়ালে ধৰিব
বৈ যাব তেজৰে ধল
গধূলিৰে পৰতে বৰহমপুত্ৰৰ মাজতে
ৰংমন নাইকিয়া হ’ল
হিয়াখনি ভুকুৱাই আকাশলে’ চাই চাই
ৰহদৈ বাউলী হ’ল
অ’ ঢৌ যাঃ গুচি নিশাকে নেওচি
ৰংমনক আনিবৰ হ’ল ।
ঢৌবোৰে সাবটি ৰংমনৰ দেহাটি
পাৰতে শুৱাই থৈ গ’ল
পৰহি পুৱাতে টুলুঙা নাৱতে
ৰংমন মাছলৈ গ’ল।
