Song: Pritire Xubaxe (প্ৰীতিৰ সুবাসে)
Lyricist: Renu Sharma
Singer : Zubeen Garg
![]() |
Pritire Xubaxe Lyrics |
Pritire Xubaxe Lyrics:–
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন…
দুচকু তুলি চৌপাশে চালোঁ
ফুলিছে ৰজনীগন্ধা
দুচকু তুলি চৌপাশে চালোঁ
ফুলিছে ৰজনীগন্ধা
আকাশত দেখোঁ শাৰদী জোনাক
নামিছে অলকানন্দা
আকাশত দেখোঁ শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন…
শত ৰজনীৰ এন্ধাৰ আঁতৰি গ’ল
সুন্দৰৰে ৰঙৰ ফাকুৰে
জীৱন ৰাঙলী হ’ল
আকাশত দেখোন
শাৰদী জোনাক
নামিছে অলকানন্দা
আকাশত দেখোন
শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি…