Song: Siparot Dekhun Bohutu Xopun (সিপাৰত দেখোন বহুতো সপোন)
Singer: Gokul & Aagoshti
Movie: Bhoot Bangla
Siparot Dekhun Bohutu Xopun Lyrics |
Siparot Dekhun Bohutu Xopun Lyrics:–
সিপাৰত দেখোন বহুতো সপোন
কিদৰে ফুলিব হৃদয় শুৱাই
Promotion
ইপাৰতো দেখোন বহু কবিতা
Promotion
জিৰি জিৰি বতাহে নিয়ে কঢ়িয়াই
দৰু দৰু মন
নিৰিবিৰি ক্ষণ
অ’ কিনো কওঁ তোমাক
অবুজন মন
মধুময় জোনাকতে
মিঠা মিঠা আবেগেৰে
কাষলে আহানা
নিৰৱে শুনানা
গুপন মনৰে
মধু বাসনা
অ’ মন কিয় অজানিতে
হ’ল আজি মায়াসনা
দূৰৰ তৰাটি যিদৰে জ্বলি ৰয়
মন মোৰ সেইদৰে পোহৰ হয়
মনৰ পদূলিত এটি বাঁহিৰ সুৰ
গুপনে নিজানতে বাজি ৰয়
আকুলৱা মন আশাভৰা হয়
অ’ কিনো মলয়াই
উৰুৱাই মন
সপোনৰে হেঁপাহেৰে
হৃদয়ৰে আৱেগেৰে
কাষলে আহানা
নিৰৱে শুনালা
গুপন মনৰে
মধু বাসনা
অ’ মন কিয় অজানিতে
হ’ল আজি মায়াসনা
জোনে আহি আলফুলে
কিনো ক’লে নুবুজা
নিজকে (নিজকে)
বিচাৰোঁ (বিচাৰোঁ)
নিৰলে …
কাষলে আহানা
নিৰৱে শুনানা
গুপন মনৰে
মধু বাসনা
নহ’বা অজানা
নহ’বা অচিনা
তুমিয়ে হৃদয়ৰ
মিঠা কামনা
অ’ মন কিয় অজানিতে
হ’ল আজি মায়াসনা
জোনে আহি আলফুলে
কিনো ক’লে নুবুজা