Sui Diyana Muk Ahi Ebar Lyrics | Deeplina Deka️

Song: Sui Diyana

Music/Lyrics- Palash S Gogoi

Singer: Deeplina Deka️

Rupam Sarma

Manoj Baruah

Mix&Mastered- Pinku Das

Smule Tabla Mix- Bikash Bharali

Sui Diyana Muk Ahi Ebar Lyrics
Sui Diyana Muk Ahi Ebar Lyrics

Sui Diyana Muk Ahi Ebar Lyrics:--

চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱা না মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভুপালি ৰাগ হৈ সৰিব.....
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱা না মোক কাষৰে পৰা
কলিজা শীতল পৰিব.....

বাৰে বাৰেনো লাগি ধৰিছে
ওঠতে তোমাৰে তোমাৰে নাম
ৰ'দে হাঁহিছে ৰ'দালি নামিছে
মৰমতে তাতে কি অভিমান
জুৰকে বৈ আহে পূবালি বতাহ
লৈ যাব মোক
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব....

জাগি জাগিনো ৰৈয়ে থাকিমে
তুমি নহ'লে নহয় যেন পুৱা
বাচি বাচিনো সপোনো দেখো মই
মায়াৰে কাৰেং তুমি সজোৱা
জুৰকে বৈ আহে পূবালি বতাহ
লৈ যাব মোক
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱা না মোক কাষৰে পৰা
কলিজা শীতল পৰিব
গধূলিকে তোমাৰেনো কবিতাবোৰ
ভুপালি ৰাগ হৈ সৰিব.....

Post a Comment

Previous Post Next Post

Contact Form