Assamese Lyrics
Xu Usso Paharor Lyrics | Bhupen Hazarika
Song: Xu Usso Paharor (সুউচ্চ পাহাৰৰ)
Singer: Bhupen Hazarika
![]() |
| Xu Usso Paharor Lyrics |
Xu Usso Paharor Lyrics:—
সুউচ্চ পাহাৰৰ
শৃংগলৈ উঠা মই
(এক) প্ৰেমিক অশ্বাৰোহী;
দুৰন্ত অশ্বৰ পদধ্বনিত
উন্মাদ হোৱা এক চিৰ বিদ্ৰোহী।
টিক্ টিক্ টিক্ টিক্ সময়ৰ ছন্দত
ধপ্ ধপ্ শব্দ বাজে কলিজাৰ,
প্ৰেমৰ ছন্দ মোৰ প্ৰতি ধমনিতে
দুৰ্বাৰ ছন্দ আছে কামনাৰ।
সৌৱা পাহাৰৰ শৃংগত
আছে হেনো এক
নেদেখা মোহময়ী কামিনী;
অপৰূপা যৌৱনা
সুনবীনা তাই
নতুন ছন্দৰ অধিকাৰিনী
কথা :- ছন্দৰ ৰাণী তাই ইমান কাষতে;
অথচ তাই হেনো ইমান দূৰত!
মাজতে হেঙাৰ হৈ অট্টহাস্য কৰে
ছন্দহীনতাৰ গভীৰ গহ্বৰ।
তথাপি হাত মেলি তাই মাতে
দেহৰ ছন্দত যেন সাগৰ লহৰ
সাগৰৰে লহৰ।
তাই হেনো কৰিছে ছন্দৰ ধুমুহাত
ধাৱমান পুৰুষৰ সন্ধান
যি বিশ্বৰ ছন্দে ছন্দে নাচি
বিলায় ছন্দ মহাপ্ৰাণ।
মহাকাশ ভৰা নক্ষত্ৰ গতি
অনন্ত ছন্দৰ বাজে নাগাৰা
মন অশ্বৰ সেইয়া খট্ খট্ শব্দৰ
ছন্দেৰে কৰোঁ ছন্দৰ আখৰা
কথা :- ছন্দৰ আখৰা কৰোঁ।
