Anuradha – Juge Juge Prati Khuje Lyrics By Zubeen Garg

Song: Anuradha – Juge Juge Prati Khuje (যুগে যুগে প্ৰতি খোজে)

Singer: Zubeen Garg

Anuradha - Juge Juge Prati Khuje Lyrics
Anuradha – Juge Juge Prati Khuje Lyrics

Anuradha – Juge Juge Prati Khuje Lyrics:—

(পুঃ)
যুগে যুগে প্ৰতি খোজে
তোমাতেই মই হ’ম বিলীন
এন্ধাৰৰে চুকে চুকে
আছোঁ মই তোমাতে লীন
অনুৰাধা … অনুৰাধা
অনুৰাধা … অনুৰাধা ।

সময়ৰে খাজে খাজে
বৈ আহে ৰাতি দিন
হৃদয়ৰে সীমনাতে
অশ্ৰু নিগৰা বীণ
অনুৰাধা … অনুৰাধা
অনুৰাধা … অনুৰাধা ।

(স্ত্ৰীঃ)
চকুৱেদি বৈ আহে
নিদ্ৰাহীন কবিতা
এন্ধাৰতো জ্বলি মৰে
নজ্বলোৱা শলিতা
সপোনৰো শেষ আছে
শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথোঁ
হেৰুৱালোঁ ওঁঠৰ ভাষা
অনুৰাধা … অনুৰাধা
অনুৰাধা … অনুৰাধা ।

চকুৰে নৈ বৈ বৈ
বৈ আহে নীৰৱতা
সুখে দুখে জীৱনে
দি যায় নীৰ ব্যাকুলতা
জীৱনৰো শেষ আছে
শেষ নহয় জিজ্ঞাসা
মৃত্যুৱে চুমা যাচে
চুমাতেই যেন প্ৰত্যাশা
অনুৰাধা … অনুৰাধা
অনুৰাধা … অনুৰাধা ।

(পুঃ)
কবিতাৰে কাহিনী
শেষ হওঁ হওঁ অনুৰাধা
কবিতাৰে কাহিনী
শেষ নহয় অনুৰাধা
কবিতাৰো শেষ আছে
শেষ নহয় স্তব্ধতা
শব্দবোৰ লেখি লেখি
চুব খোজে মৌনতা
অনুৰাধা … অনুৰাধা
অনুৰাধা … অনুৰাধা ।।

Leave a Comment