Dhule Dogore Lyrics By Bhupen Hazarika

Song: Dhule Dogore (ঢোলে-ডগৰে)

Singer: Bhupen Hazarika 

Dhule Dogore Lyrics
Dhule Dogore Lyrics

Dhule Dogore Lyrics:—

হেʼ হেʼ হেʼ ঢোলে-ডগৰে
হেʼ হেʼ হেʼ হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে
বান্ধো আমি পাহাৰ শিখৰৰে
মহান চিয়েমক ।
হেʼ হেʼ হেʼ চেৰাপুঞ্জীৰে
হেʼ হেʼ হেʼ ভিজা আকাশৰে
উদাৰ মেঘে যেনেদৰে
সাবটি ধৰে বাৰিষা ৰূপেৰে
আমাৰ লুইতক ।
হেʼ হেʼ হেʼ ঢোলে-ডগৰে …
কৃষ্ণ গৰখীয়াই বায় বাহী
খাচী গৰখীয়াই বায় শ্বৰাতি
দুয়োটি বাঁহী বাঁহৰে বাঁহী
দুয়ো প্ৰকাশে একেটি সুৰক ।
হেʼ হেʼ হেʼ ঢোলে-ডগৰে …
ওখ সৰলৰে পাত সেউজীয়া
আমাৰ আঁহত গছ সেই বৰণীয়া
ব্লেই বা জোনে
পাহাৰ ভৈয়ামতে
শাৰদী নিশা ঢালে একেই জোনাক ।
ৰঙা পাহাৰৰে হেʼ মাটি কাটি
খাচী কৃষকে খাটে দিনে-ৰাতি
ভৈয়ামৰো খেতিত হেজাৰ ৰংমনে
আঁকোৱালি ধৰিছে একেই কৃষকক ।
হেʼ হেʼ হেʼ ঢোলে-ডগৰে …

Leave a Comment