Assamese Lyrics
Dinor Puhor Rong Sangiya Lyrics By Manna Dey
Song: Dinor Puhor Rong Sangiya (দিনৰ পোহৰ ৰঙ-চঙীয়া)
Singer: Manna Dey
![]() |
| Dinor Puhor Rong Sangiya Lyrics |
Dinor Puhor Rong Sangiya Lyrics:—
দিনৰ পোহৰ ৰঙ-চঙীয়া
ভাল মানুহৰ খং
ৰাতিৰ আন্ধাৰ গমগমীয়া
চোৰ মাতালৰ ৰঙ ।
ৰাতি ক’লা, হাবি ক’লা
ক’লা গোম সাপ
তাতকৈ ক’লা জাৰণিৰ
মাজ নিশাৰ বাট
মই মদাহী থাকো হাঁহি
নাই মোৰ খং
ৰাতিৰ আন্ধাৰ গমগমীয়া
চোৰ মাতালৰ ৰঙ ।
চোৰাং বেহা কৰি
দেহা নিমজ কৰে যি
ভাটি খানাত
ৰাতি সোমাই
হাবিত ঘূৰে সি
নাৰী দেখি মা বুলি দিনত দোৱাই শিৰ
অৰণ্যত ৰাতি সিয়েই
বলাৎকাৰী বীৰ
মুকলিত যি
দেখা বাপু
সব ভাওনাৰ চল ।
দিনৰ পোহৰ ৰঙ-চঙীয়া
ভাল মানুহৰ খং
ৰাতিৰ আন্ধাৰ গমগমীয়া
চোৰ মাতালৰ ৰঙ ।।
