Assamese Lyrics
Duniya Mayare Noi Lyrics By Babu Baruah
Song: Duniya Mayare Noi (দুনীয়া মায়াৰে নৈ)
Singer: Babu Baruah
![]() |
| Duniya Mayare Noi Lyrics |
Duniya Mayare Noi Lyrics:—
(অ’) দুনীয়া
মায়াৰে নৈ
সাঁতুৰি
সাঁতুৰি গৈ
ভাগৰি
তুমি বান্ধৈ
থমকি
নৰ’বা ঐ ।
অ’ আশাৰে ফুল
ফুলি আছে
কিছু নিলগত
থোপে থোপে
দুহাত মেলি
ল’বা বুকুতে
ঢৌ দেখি ভয়
নাখাবা পিছে
দুনীয়া
মায়াৰে নৈ
সাঁতুৰি
সাঁতুৰি গৈ
ভাগৰি
তুমি বান্ধৈ
থমকি
নৰ’বা ঐ ।
কলীয়া ডাৱৰ
চপৰা চপৰ
ধুমুহা আহি
ভাঙি যাব ঘৰ
সাজি ল’বা দেই
বাৰে বাৰে ভাই
সাহসীজনে
থাকিব জীয়াই
অ’ আশাৰে ফুল
ফুলি আছে
কিছু নিলগত
থোপে থোপে
দুহাত মেলি
ল’বা বুকুতে
ঢৌ দেখি ভয়
নাখাবা পিছে
দুনীয়া
মায়াৰে নৈ
সাঁতুৰি
সাঁতুৰি গৈ
ভাগৰি
তুমি বান্ধৈ
থমকি
নৰ’বা ঐ ।
ঐ একা-বেঁকা বাট
ভিৰ আছে তাত
জীৱন পথত
বহুতো আঘাত
ওঁঠৰে হাঁহি
নিদিবা হেৰাই
সাত শতৰুক
নিদিবা যে ঠাই
অ’ আশাৰে ফুল
ফুলি আছে
কিছু নিলগত
থোপে থোপে
দুহাত মেলি
ল’বা বুকুতে
ঢৌ দেখি ভয়
নাখাবা পিছে
দুনীয়া
মায়াৰে নৈ
সাঁতুৰি
সাঁতুৰি গৈ
ভাগৰি
তুমি বান্ধৈ
থমকি
নৰ’বা ঐ ।।
