Eta Gaan Xekh Hol Lyrics By Amar Jyoti Choudhury

Published on April 24, 2020

Song: Eta Gaan Xekh Hol (এটা গান শেষ হ’ল)

Singer: Amar Jyoti Choudhury

Eta Gaan Xekh Hol Lyrics
Eta Gaan Xekh Hol Lyrics

Eta Gaan Xekh Hol Lyrics:—

(এটা গান শেষ হ’ল) ←২
যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি
সেই গান শেষ হ’ল
যি গানৰ দোলাতে আছে আমাৰ ব’হাগ
সেই গান শেষ হ’ল
এটা গান শেষ হ’ল
যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি
(সেই গান শেষ হ’ল)←২
যি গানৰ দোলাতে আছে আমাৰ ব’হাগ
(সেই গান শেষ হ’ল)←২
উপচি আছিল গান
গানতে লখিমী ধান
কঢ়িয়াই আছিলে সুৰৰে গাগৰিত
আই অসমীৰ মান
মৌচুমী মাতে আতি বান্ধিছিল বিশ্বৰ প্ৰাণ
সেই গান শেষ হ’ল

সেই নৈ শুকাই গ’ল
ক’ত তেনেহ’লে চাবি
কৈশোৰ যৌৱন আৰু বেলি ভাটি দিয়া
নিজৰ মুখৰ ছবি
ক’ত সাগৰ সংগমৰ সোঁৱৰণী বুটলিবি
সেই নৈ শুকাই গ’ল
হেমন্ত শীতৰ দোমোজা দিনতে
সেই গান শেষ হ’ল
অগ্নিযুগৰ জুই ফিৰিঙটি
থিতাতে নুমাই গ’ল
(এটা ধুমুহা নোহোৱা হ’ল)←২
যি জাতিক জগাই
অসামান্য প্ৰেৰণায়
কলপ্ প্ৰস্ততিৰ আখৰা কৰায়
সেই ধুমুহা নোহোৱা হ’ল
গানৰ নিতুল দেহ জ্বলি জ্বলি ৰ’ল
(জুই জ্বলি উঠে জ্বলি উঠে জুই
চিতা জুই জ্বলি উঠে)←২
দেখো ভমকতে জ্বলি উঠে
জুই ফিৰিঙটি জ্বলে
জুই জ্বলি উঠে জ্বলি উঠে জুই
চিতা জুই জ্বলি উঠে
ভমকতে জ্বলি উঠে
দেখো জুই ফিৰিঙটি জ্বলে
নিতুল গানৰ দেহ জ্বলি জ্বলি পৰে
গোটেই জাতিৰ বুকু খহু খহু কৰে
সময়ো চকু মুদে
নিমাতে নিতালে নিতুল গানৰ
বীজবোৰ গজি উঠে
সেই গানেই আছেহি এতিয়া
অ’ বুকুৱে বুকুৱে ঠেকা খায়
ধুমুহাৰ আগলতি নিচান উৰাই উৰাই
তেনে শেষ হ’ব কেনেকৈ
এই অমৃত গান
গানৰ শেষত গজিছে নতুন গান
গানৰ দেহত গজিছে নতুন গান

উপচি আহিছে গান
গানতে লখিমী ধান
(আই অসমীৰ মান)←২

উপচি আহিছে গান
অ’ গানতে লখিমী ধান
অ’ আই অসমীৰ মান
জাতিক জগোৱা গান
মৌচুমী মাতে আতি বান্ধি দিছে
বিশ্বখনৰ প্ৰাণ
(গানৰ শেষতো আহিছে নতুন গান)←২
কোন ক’ত আছ আহ..
গাওঁ জাতিক যোগোৱা গান
গাওঁ মানুহৰ জয় গান
মৃত্যু জিনিৰ আৰু উদযাপনৰ গান
শেষ হ’ব কেনেকৈ
এই অমৃত গান
(গান দেহতে গজিছ নতুন গান)←৩