Assamese Lyrics
Kinu Xuriya Ganere Lyrics By Zubeen Garg
Song: Kinu Xuriya Ganere (কিনো সুৰীয়া গানেৰে)
Singer: Zubeen Garg
![]() |
| Kinu Xuriya Ganere Lyrics |
Kinu Xuriya Ganere Lyrics:—
কিনো সুৰীয়া গানেৰে
মোৰ মন আজি ভৰিলে
তোমাকে পাই
মোৰো মন জানা
আছিলে যে সদায়
তোমাৰে গানৰে সুৰ
মনতে গুণ গুণাই
কিনো সুৰীয়া গানেৰে ।
বুকুৰে মাজতে কি জুই জ্বলে
দহনো যে মিঠা লাগে
পিৰিতিৰ উমেৰে ফু দি জ্বলোৱা
আৱেগৰ জুই চাগে
নাই হোৱা এনে কাহানিও
জ্বলা নাই বুকুতে
আৱেগৰে জুই জ্বলে অজানিতে
উমি উমি বুকুতে
কিনো সুৰীয়া গানেৰে ।
জীৱন লগৰী হ’বলৈ আহিছোঁ
হাত থোৱা হাততে
উজুতি-বিজুতি একোতে নেৰিবা
আধৰুৱা বাটতে
কথা দিলোঁ মই মধু প্ৰহৰত
চকুত থৈ চকুতে
ময়ো কথা দিলোঁ পল-অনুপল
থাকিম তোমাৰ লগতে
কিনো সুৰীয়া গানেৰে ।।
