Tez Rangoli Sonitpuri Lyrics By Bishnu Prasad Rabha

Song: Tez Rangoli Sonitpuri (তেজ ৰাঙলী শোণিতপুৰী)

Singer: Bishnu Prasad Rabha

Tez Rangoli Sonitpuri Lyrics
Tez Rangoli Sonitpuri Lyrics

Tez Rangoli Sonitpuri Lyrics:—

তেজ ৰাঙলী শোণিতপুৰী
গঢ়িলোঁ তেজেৰে
হৃদয় ফালি শোণিত ঢালি
ৰঙা টোপালেৰে ।
কুমলীয়া দেহাৰ ভেটিত
তুলি গড় অগনিৰ
প্ৰণয় চাকিৰ প্ৰেম শলিতাৰ
জ্বালি দীপ-দীপালীৰ
বান্ধি কাৰেং সজালোঁ মোৰ
ৰঙা পোৱালেৰে ।
পূবৰ তোৰণ ভাঙি আনিম
ৰূপহী সোণালী ঊষা
সজাম পৰাম আলোকেৰে
জ্বালিম প্ৰণয় শিখা ।
চুকত বহি বজাম বীণ
দেৱী পত্ৰ লেখি
কাচোন কাচি নাচোন নাচি
নাচিম চিত্ৰলেখি
হৃদয় বেইত ধোৱাম প্ৰিয়াক
লোহিত ঢলেৰে । ।

Leave a Comment