assamese hit song
Xaliki O Lyrics By Archana Mahanta
Song: Xaliki O (শালিকী অ’)
Singer: Archana Mahanta
![]() |
| Xaliki O Lyrics |
Xaliki O Lyrics:—
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা!!
অ’ শালিকীজনী..
চোতালত চাইছ’ কি?
পুৱতি নিশাতে উঠি
সাৰি থৈছো
ৰাতিটো টোপনি খতি!
আজি যে আহিব
অ’ শালিকীজনী
আজিয়েই অহাৰ কথা
কেলেই চিঙিলিহি সূতা!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা!!
ডালৰ চৰাইজনী ডালত
নপৰগে কেলেই
আমনি নকৰ মোক
মই থাকো অকলে!!
দিখৌ নৈৰ পাৰৰে
দেও লগা শিমলু
ৰিঙা ৰিঙা ৰাঙলী ফুল
তাৰেই কোমল কুঁহি
কেলেই মন মোহে
তাৰ জানো পাৱ মোল?
যাচোন তালৈকে
পাখি লগা চৰাইটো
বুজি আহ মানুহৰ বেথা!
কেলেই চিঙিলিহি সূতা!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা!
মোৰ বুকুৰ হেপাহখিনি
তই আউল লগাই গ’লি
অ’ শালিকীজনী..
নিজৰ বাহলৈ কঢ়িয়ালি সূতা!!
শালিকী অ’..
অবুজন চৰাইজনী
তৰা তাতত পৰি
কেলেই চিঙিলিহি সূতা !!
