Assamese Lyrics
Xil Pai Jopiyai Lyrics By Anima Chakraborty
Song: Xil Pai Jopiyai (শিল পাই জঁপিয়াই)
Singer: Anima Chakraborty
![]() |
| Xil Pai Jopiyai Lyrics |
Xil Pai Jopiyai Lyrics:—
শিল পাই জঁপিয়াই পাহাৰী নিজৰা
(ছল পাই দলৈ বয় )–২
মন পাই মলিয়াই ছন পৰা হাঁহি
চিত পাই পখিলা হয়
শিল পাই জঁপিয়াই পাহাৰী নিজৰা
(ছল পাই দলৈ বয় )–২
মেঘ পাই বৰষে বৰতীয়া পানী
চেগ পাই কোমলে মাটি…..
লগ পাই বগলী উৰে যোৰে যোৰে
উৰুঙা আকাশখন ছাটি
অ’ চকু পাই চকুলৈ চাব নোৱাৰিলোঁ
(কিনো আচহুৱা ভয়)…..২
শিল পাই জঁপিয়াই পাহাৰী নিজৰা
(ছল পাই দলৈ বয় )–২
মন উৰি ফুৰে দিহিঙে-দিপাঙে
বহাগৰ শিমলু তুলা
ফু মাৰি নিদিবা গালৈ ঘূৰি আহে
গা পাই বিচাৰে কোলা ।
অ মনৰ চাৰিকাষে গড় নামাৰিবা
মন বনজুই হয় অ মন বনজুই হয়
শিল পাই জঁপিয়াই পাহাৰী নিজৰা
(ছল পাই দলৈ বয়) –২
মন পাই মলিয়াই ছন পৰা হাঁহি
চিত পাই পখিলা হয়
শিল পাই জঁপিয়াই
