Song: Aji Houk Puhoror Puja (আজি হওঁক পোহৰৰ পূজা )
Singer: Jyoti Prasad Agarwala
Promotion
Aji Houk Puhoror Puja Lyrics |
Aji Houk Puhoror Puja Lyrics:—
আজি হওঁক পোহৰৰ পূজা
আজি গীত হওক যত
অন্তৰ পদুমৰ গন্ধবাহী গান
আগেয়ে নোগোৱা কোনোৱে নুবুজা
আজি হওক পোহৰৰ পূজা ৷
জাগা যত জীৱনৰ
সোণাময় সুকুমাৰ বেদনা
আজি উচুপি উঠক যত
সাৰ পোৱা আলসুৱা যাতনা,
আজি হৃদয়ে হৃদয়ে গৈ সুৰৰ সোণজুই
দীপান্বিতা পাতি
নতুন আখৰ লিখ, সকলোৱে বুজা
আজি হওক পোহৰৰে পূজা ৷৷