Assamese Lyrics
Aji Jagroto Bharot Lyrics By Jyoti Prasad Agarwala
Song: Aji Jagroto Bharot (আজি জাগ্ৰত ভাৰত)
Singer: Jyoti Prasad Agarwala
![]() |
| Aji Jagroto Bharot Lyrics |
Aji Jagroto Bharot Lyrics:—-
আজি জাগ্ৰত ভাৰত
পোহৰৰ গানে গানে
জানো জনতাৰ মহাপ্ৰাণ
যুগ যুগ সঞ্চিত
স্বাধীনতা হীনৰ
জানো জ্বালাময়ী অভিযান
আজি যত ত্যাগীৰ
প্ৰদীপ্ত কপালৰ
অৰুণাৱলীয়ে হাঁহি
দলিতৰ ঘৰ পোহৰায়
মহা পোহৰৰ বাটে
মোহন গান্ধী গলে
পৃথিৱীক বাট দেখুৱায় ৷
ৰামধেনু বাটেৰে
নতুন জগতলৈ
কোন যাবি কোন যাবি
হ আগুৱানা ৷
জ্বলন্ত ফুটন্ত
এই জ্যোতিপ্ৰপাতৰ
আলোক ছন্দত
ঝঙ্কৃত লয় তান ৷
গা গা গা
আজি ভাৰতৰ ঘৰে ঘৰে
পোহৰৰ গান ৷৷
