Assamese Lyrics
Dhulir Batere Juwa Lyrics By Jyoti Prasad Agarwala
Song: Dhulir Batere Juwa (ধূলিৰ বাটেৰে যোৱা)
Singer: Jyoti Prasad Agarwala
![]() |
| Dhulir Batere Juwa Lyrics |
Dhulir Batere Juwa Lyrics:—
ধূলিৰ বাটেৰে যোৱা সুন্দৰৰ
ধূলিৰ বাটেৰে, যোৱা সুন্দৰৰ
পিছে পিছে, কোন যাবি
লগে লগে কোন যাবি?
চকুপানীৰ গাঁও পাবি ৷
যন্ত্ৰণা-বেদনা ব্যথাৰ
মুকুতা ধুনীয়া ৰূপ চাবি
চকুপানীৰ গাঁও পাবি ৷
তাত দীপ্তা আশাই
নিৰাশাৰে যুঁজে
তাত নতুন গানৰ
আচল অৰ্থ বুজে
তাত গাভৰুৰ খোজে খোজে
পোহৰ পদুম ফুলে,
তাত, ফালি চিৰি
প্ৰকাশ পাবলৈ
বিকাশ লবলৈ….
গাঁৱৰ ডেকাৰ
চকু দুটাত
জুই আঙনি জ্বলে ৷
সুন্দৰে তাত বাহৰ পাতি আছে
গাঁৱৰ ডেকা-ডেকেৰীয়ে
আগচোতালত
পাছ চোতালত
নতুন দিনৰ
নতুন বিহু নাচে ৷
সুন্দৰে চাই আপোন মনে
হাঁহি হাঁহি
অময়া মৰম যাচে ৷৷
