Song: Jananir Xontan (জননীৰ সন্তান)
Singer: Jyoti Prasad Agarwala
|  | 
| Jananir Xontan Lyrics | 
Jananir Xontan Lyrics:—
জননীৰ সন্তান অজেয় নৱ জোৱান
জননীৰ সন্তান….  অজেয় নৱজোৱান
আজি হ’ব তোৰ
সত্যৰ অভিযান
আজি জহি যওক
কত শতাব্দীৰ
 গ্লানি অপমান ৷
শক্তিহীনতা কাপুৰুষৰ
তেজৰে উটাই
আগবাঢ়ি আহি
শত্ৰু কৰহি কম্পমান ৷
যুঁজিব লাগিব
জিনিব লাগিব
সত্যৰ মহা ৰণ
নহ’লে নহ’ব, পৰিত্ৰাণ
জাগ আজি তই সৰ্ব্বতিয়াগি
অজেয় নৱজোৱান ৷৷