Junuwali Nikhar Lyrics By Jyoti Prasad Agarwala

Song: Junuwali Nikhar (জোনোৱালী নিশাৰ)

Singer: Jyoti Prasad Agarwala 

Drama: Xun Pokhili

Junuwali Nikhar Lyrics
Junuwali Nikhar Lyrics



Junuwali Nikhar Lyrics:–

জোনোৱালী নিশাৰ
ৰূপোৱালী পোহৰে
চকুৰ পাহিত
কাৰ ছবি আঁকি যায়!

জিক্‌মিক্‌ জিক্‌মিক্‌
কাৰ সোণ পখিলাই
নাচি নাচি
আহি
ৰুণকজুণুককৈ
নূপুৰ বজায় ৷

পাখি কৰে ৰুণ্‌ ৰুণ্‌
গান গায় গুণ্‌ গুণ্‌
হাঁহি হাঁহি
দেখুৱাই
অঁকাবকা চকামকা
ৰঙা সপোন ৷৷

Leave a Comment