Assamese Lyrics
Tule Diya Xoraighat Lyrics By Jyoti Prasad Agarwala
Song: Tule Diya Xoraighat (তোলে’ দিয়া শৰাইখনত)
Singer: Jyoti Prasad Agarwala
![]() |
| Tule Diya Xoraighat Lyrics |
Tule Diya Xoraighat Lyrics:—
তোলে’ দিয়া শৰাইখনত
তোলে’ দিয়া শৰাইখনত
দিলোঁ তামোল- পাণ
ফুল দুটামান ছিঙি দিলোঁ
আৰু দিলোঁ
তাৰ লগতে
মোৰ কেইটিমান গান ৷
তামোল- পাণৰ শৰাই
নিলোঁ সজাই পৰাই
তই আছিলি তাঁতৰ শালত
মহুৰা যে ফুৰাই
তই শৰাই ঢকা চালি উদঙাই
মোলে’ ক’লি চাই
তামোল দিয়া
পাণ দিয়া
ফুলো ওপচায়েই দিলা
কেটিমানো গান,
ক’তা দেখোন প্ৰাণ ?
মই ক’লোঁ মোৰ প্ৰাণটো দেখোন
তোৰেই আঁচলত
তই হাঁহি মাৰি চুই দিলি মোৰ
ঘামি জামি থকা কপালত ৷৷
