Ujonire Rail Khoni | Zubeen Garg

Published on July 16, 2020

Song: Ujonire Rail Khoni
Album: Golden Collection Of Zubeen Vol IV
Singer: Zubeen Garg

Ujonire Rail Khoni Lyrics by Zubeen Garg

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

দেখিলোঁ তোমাকে মই
দেহতে লাগিলে জুই
আৱেশে আৱেশে ৰৈ
নাথাকো আৰু শুই

লাগিব লাগিবই তোমাকে
ঝক ঝক ঝক ৰে’ল চলে
চলে মোৰ বুকুতে
ধুম ধুম ধুম ধুমুহা মোৰ
মনতে বলিছে

(Music)…

পলাশেৰে ৰঙা
পলাশী হিয়া মোৰ
কান্দি শুনা চোন
সুৰ এটি জুৰ জুৰ

পলাশৰে ৰঙে
আমনি হে আনে
ফাগুনী মনত কিনো
জিৰণি নিদিয়ে

বন্ধ মৰমে ৰৈ
কেঁকুৰী কাটিব
থাপি থুপী ৰাখিলেই
ৰোগে ধৰিব
খুলি দিয়া গাঁঠি হিয়াৰে

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

(Music)…

নিমাতি বুকুয়ে সহিব হে জানে
শুনিব খোজে মাথোঁ লাহেকৈ নকবানে

এচেৰেঙা ৰ’দে
পিৰীতি জগাই যায়
বলিয়া মেঘৰ চোন
এধান মানিও নাই

সাঁথৰ কথা বোৰ
নুবুজো নুবুজো মই
খুলি ভাঙি এটি বাৰ
কৈ দিলেই হয়
আকুলি বাকুলি হিয়া যে

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

দেখিলোঁ তোমাকে মই
দেহতে লাগিলে জুই
আৱেশে আৱেশে ৰৈ
নাথাকো আৰু শুই
লাগিব লাগিবই তোমাকে

বাৰ মহীয়া জোঁৱাৰ হৈয়েই আহিলা
ষোল্ল বছৰতে প্ৰেমতে পেলালা

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

দেখিলোঁ তোমাকে মই
দেহতে লাগিলে জুই
আৱেশে আৱেশে ৰৈ
নাথাকো আৰু শুই
লাগিব লাগিবই তোমাকে

ঝক ঝক ঝক ৰে’ল চলে
চলে মোৰ বুকুতে
ধুম ধুম ধুম ধুমুহা মোৰ
মনতে বলিছে

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে