Promotion
Song: Pahi Meli
Singer: Neel Akash
Promotion
Pahi Meli Song Lyrics
পাহি মেলি জীয়া পৃথিবী
প্ৰনয়ৰে এই পুৱাটি
কাষতে বিচাৰি তোমাকে
বলিয়া হিয়াই
ভাৱ্নাতে তুমি ৰ’দালি
ৰঙা নিলা মনে মোৰ আজি
বহুতে তোমাৰ পৰশে
দূৰনিলে লৈ যায়
সোঁৱে – বাঁৱে চকুযুৰি
এটি সপোন সাজেঁ দেখি
আৰু দিঠকতে বহু বাটে-ঘাটে
তুমি অনুভূতি মোৰ
সকলো ৰঙীন পোহৰতে ময়ো বিলীন
চুচুক চামাক এটি হাঁহি
ধীৰে-ধীৰে চাৱ্নিতে প্ৰেমতে মগন
এই জীৱ্নৰে তুমি জোনাকী
AssameseLyrical.com
বাগৰি -বাগৰি ক্ষনবোৰে এপলক জিৰায়
তোমাকে পুৱাৰ অজুহাতো অজানিতে পায়
চিনাকি মনৰে অভিমানী
খিৰিকিৰে জুমি চায়
কিজানিবা মিঠা সুৰ এটি ভাঁহে
ৰিঙিয়াই সময়ে চোন
উশাহৰে গুন গুন
ভাগৰৰে ঠেহবোৰ
ৰাতিৰ বৰষুন
সকলো ৰঙীন পোহৰতে ময়ো বিলিন
চুচুক চামাক এটি হাঁহি
ধীৰে-ধীৰে চাৱ্নিতে প্ৰেমতে মগন
এই জীৱ্নৰে তুমি জোনাকী