Jaboloi Khujote Lyrics (যাবলৈ খোজোতেই)

Song: Jaboloi Khujote

Singer: Zubeen Garg

Jaboloi Khujote Lyrics 


 যাবলৈ খোজোতেই থমকিব দুভৰি

ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি

চিনাকি চিনাকি দুদিনৰ চিনাকি

আতৰি হলেগৈ হ'বযে অচিনাকি

যাবলৈ নিদিৱা ৰাখিবা ধৰি

যাবলৈ খোজোতেই থমকিব দুভৰি

ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি


AssameseLyrical.com


কোনে বাৰু মোক মৰম দিলে

উকাঁ হিয়া মোৰ ভৰাই থলে

ইমান দিনে আছিলে অকলে

আপোন বুলি মোক ভাবিলে কোনে

দিব পাৰে মোক মৰম কিজনি

তাকেই ভাবি মই ললো সাৱটি

যাবলৈ নিদিবা কাষৰত ৰাখিবা

আপোন বুলি তুমি যাকেই ভাৱিললা

আঁতৰি গলেগৈ উভতি নাহে

যাবলৈ খোজোতেই থমকিব দুভৰি

ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি



মৰম জঁৰী যেতিয়া চিঙে

কোমল কলিজাই উচুপি কান্দে

আপোন বুলি ভাৱো মই যাকে

তেৱেই আহি মোৰ হিয়া ভাঙে

দিব খুজিও দিব নোৱাৰো

গোপনে মৰম সাৱটি ৰাঁখো

ফুলিব খোজোতেই মোহাৰি নেপেলাবা

হাঁহিব খোজোতেই আহি দুখ নিদিবা

আতৰি নাযাবা কাষতে থাকা



যাবলৈ খোজোতেই থমকিব দুভৰি

ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি

চিনাকি চিনাকি দুদিনৰ চিনাকি

আতৰি হলেগৈ হবযে অচিনাকি

যাবলৈ নিদিৱা ৰাখিবা ধৰি

যাবলৈ খোজোতেই থমকিব দুভৰি

ডাঁৱৰৰ আঁৰতে নতুনৰ ৰঁদালি


Post a Comment

Previous Post Next Post

Contact Form