Tumar Babe Lyrics

Published on January 5, 2021

Song:  Tumar Babe (তোমাৰ বাবে)

Singer: Deeplina Deka and Sukmoni Dewri


Tumar Babe Lyrics


সেউজ প্ৰভাতী সুৰে ..

আহি বিনালে তোমাৰেই কথা 

অ… ৰঙীন পৃথিবীৰ সুবাস তুমি 

নিভাঁজ হিয়াৰে মৰম তোমাৰ বাবেই 

সুৰে সুৰে সাতোঁৰঙী ৰং  

বিয়পি পৰিছেহি 

প্ৰনয়ৰে আলিবাটতে সৰিছে সপোন

যুগে যুগে শিহৰিত মন 

উজলি উঠিছেহি 

আবেগৰে বালিঘৰতে পখিলাৰ নাচোঁন 

মৌন ওঁঠত আজি চোন 

বাজি উঠিছেহি সুৰ 

সাগৰ গভীৰ এই মন পৰিলেহি জুৰ 

হেপাঁহৰে অচিন ভাষা 

ভাহি আহে জোনাকীৰ নিশাত 

ভাবনাতে খেলিছেহি বহু আশা 

সপোনে আহি দুচকুতে মোৰ 

ৰং সানে প্ৰতি পলে 

তোমাৰেই বুকুৰ কোমল পৰশত 

আবেগৰে জোৱাৰ উঠে 

AssameseLyrical.com

অ… নিৰৱ প্ৰেমৰ চাকি গছি 

হৈ ৰ’ব আমাৰ সাক্ষী ..

মোৰ কোঁহে কোঁহে সাতোঁৰঙী ৰং 

বিয়পি পৰিছেহি 

প্ৰনয়ৰে আলিবাটতে

সৰিছে সপোন …

যুগে যুগে শিহৰিত মন 

উজলি উঠিছেহি 

আবেগৰে বালিঘৰতে পখিলাৰ নাচোঁন