Lahe Lahe Lyrics (লাহে লাহে)

Published on March 10, 2021

Song: Lahe Lahe

Singer: Zubeen Garg

Lahe Lahe Lyrics

লাহে লাহে লাহে লাহে 

ভাহি আহে কিনো সুৰ ধৰণীৰ

পাহে পাহে পাহে পাহে

আহে আহে কিজে ৰং সুৰভি। (২)

বুকুয়ে জানে অহেতুক এই ক্ষণ

আকাশ ধিয়াই মতলীয়া মন

আহিলে তুমি, আহিলে

আহিলে তুমি, আহিলে । (২)

উকা উকা মন মনতে

তুমি ত্ৰিষ্ণা, তুমি ত্ৰিপ্তি

মোৰ হৃদয়ৰে

জীয়া মৰম বাৰিষাতে

তুমি উষ্ণা, তুমি আবেগ

মোৰ প্ৰনয়ৰে

সপোন সপোন ক্ষণ 

হৈ অচাতন

মোক আমনি কৰে

ধূসৰ ধূসৰ মন মিছা আৱৰণ

মনে কিয় নুবুজে…

বুকুয়ে জানে অহেতুক এই ক্ষণ

আকাশ ধিয়াই মতলীয়া মন

আহিলে তুমি, আহিলে

আহিলে তুমি, আহিলে । (২)

AssameseLyrical.com

উদাশ মনৰ মানিশাতে

তুমি প্ৰজ্ঞা, তুমি পোহৰ

মোৰ চেতনাতে

সপ্ন বিভৰ নিৰৱ নিশাতে

তুমি স্পন্দন, তুমি জীৱন

মোৰ কামনাতে

অধিলাকুল মন হয় অনুৰনন

মোৰ ভাৱনাতে

বুকুৰ আপোন কোন

নাই তুমি চোন

মোৰ কাষৰতে

বুকুয়ে জানে অহেতুক এই ক্ষণ

আকাশ ধিয়াই মতলীয়া মন

আহিলে তুমি, আহিলে

আহিলে তুমি, আহিলে ।