Andhakar Puhor Bisora Lyrics By Jyoti Prasad Agarwala

Published on May 17, 2020

Song: Andhakar Puhor Bisora (অন্ধকাৰ! পোহৰ বিচৰা)

Singer: Jyoti Prasad Agarwala

Andhakar Puhor Bisora Lyrics
Andhakar Puhor Bisora Lyrics

Andhakar Puhor Bisora Lyrics:—

অন্ধকাৰ!
পোহৰ বিচৰা কবিয়ে মই
শিল্পীয়ে তোক
কৰিছোঁ নমস্কাৰ
জানো জানো অ’ অন্ধকাৰ       
তয়ো মোৰে দৰে
পোহৰ বিচাৰি
কৰিছ হাহাকাৰ ৷
বাৰে বাৰে
কৰিছোঁ নমস্কাৰ ৷

পোহৰ যেতিয়া
সূৰুযৰ সতে
সোণ দেশলৈ যায়
তই বেজাৰত কান্দি কাটি
মোৰ ফুলনি
থৱ ওপচায়
চকুপানী টোপালৰে
মুকুতা ধুনীয়া
নিয়ঁৰৰে

ফুলৰ কোলাত
পাতৰ কোলাত
দুবৰি বনৰে কোলাত
উচুপি থাকি
পুৱাৰ বেলিৰ সতে অহা
প্ৰাণৰ পোহৰ অহা
আনন্দতে সৌন্দৰ্য্য বিলায়
তোৰ বতৰা জনায়…

পোহৰৰেই চুমাত পমি যায় ৷
ফুলৰ পাতৰ আঁৰৰ পৰা
ধৰি ছাঁয়াৰ কায়া
তইয়ে থাক মনে মনে চাই ৷৷