Fulor Kolik Fular Montro Lyrics By Jyoti Prasad Agarwala

Published on May 14, 2020

Song: Fulor Kolik Fular Montro (ফুলৰ কলিক ফুলাৰ মন্ত্ৰ)

Singer: Jyoti Prasad Agarwala

Fulor Kolik Fular Montro Lyrics
Fulor Kolik Fular Montro Lyrics

Fulor Kolik Fular Montro Lyrics:—

ফুলৰ কলিক
ফুলাৰ মন্ত্ৰ 
কৈ যাবলৈ কাণে কাণে
সুন্দৰ বোলে আহি গুচি গ’ল
মই টোপনিত থাকোতেই
বেলি ওলোৱাৰ আগতেই ৷

মোৰ নিশা লিখা গান
কৰি অভিমান
শেৱালি তলত
থমকি থাকোতেই
সুন্দৰে তাকে খুজি নিলে আহি
সি সৰোৱা
চকুপানীৰ
তিনটা টোপালেই

কৈ গ’ল বোলে
গানৰ চকুত ওপজা মুকুতা
ক’তো পাবলৈ নাই
সাকো সৰগত এনেকুৱা মুকুতা
দেৱতায়ো দেখা নাই ৷৷