Susuk Samakkoi Lyrics By Bhupen Hazarika

Published on April 30, 2020

Song: Susuk Samakkoi (চুচক চামাককৈ)

Singer: Bhupen Hazarika

Susuk Samakkoi Lyrics
Susuk Samakkoi Lyrics

Susuk Samakkoi Lyrics:—

অ’ ককাইটি অ’ – কি হ’ল
(কথাঃ কি হ’ল অ’)

চুচক চামাককৈ দীপালীজনীয়ে কিয়
মোৰ পিনে ৰ’ লাগি চায়
ভাইটি তই বুজিকে পোৱাহে নাই
ভাইটি তাই বোধহয় তোকেই ভাল পায় ।

সৌ কৰৱীজনীয়ে কিয় মৰমী চাৱনিৰে
খিড়িকীমুখত থিয় হয়?
ভাইটি এইয়া প্ৰথম প্ৰেমৰে পৰিচয়
ভাইটি এয়া মৰম বোটলাৰ সময় ।

পিছে দীপালী কৰৱীকে দীপক বৰুৱাৰ স’তে
মিলা দেখি কিবা ভাব হয়
(অ’) তেনে ভীষণ কথা হ’ল ভাই
(তেনে) মোৰ উপদেশ দিবলৈ নাই ।

তহঁতৰ বয়স ৰঙীন সৰস বুজিও নুবুজ একো
যেনিয়ে চকু যায় তেনিয়ে থমকি ৰয়
নেচাবৰ মন নাই একো ।

আৰু লিপিকা দেৱীয়ে কিয় নীলা নীলা চিঠিৰে
বহু বহু মিঠা কথা কয়
ভাইটি তোৰ সমান অঁকৰা নাই
শুনিছো বহুতলৈ চিঠি লিখে তাই ।

আৰু সৌজনী অঞ্জনা হংসখোজেৰে দেখোঁ
মোৰ পিনে আহে আগুৱায়
ভাইটি তই সাৱধান হোৱা কিয় নাই
বহুতে কয় বহুতকে ভাল পায় তাই ।
(কথাঃ সাৱধান কৰি দিছো কিন্ত্ত)

সৌৱা মিচিক মাচাককৈ হাঁহি হাঁহি চম্পাই
মিঠাকৈ কিয় গীত গায়?
কাইটি তয়ো দেখোন বুজি পোৱা নাই
বুজিছো গাইছে তোকেই শুনাই
কাইটি তয়ো গীতৰে ভাষা বুজা নাই
বুজিছ গীতৰ বাহিৰে একো নাই ।।