Iman Sonoka Thunuka Lyrics By Jyoti Prasad Agarwala

Published on April 30, 2020

Song: Iman Sonoka Thunuka (ইমান চনকা ঠুনুকা)

Singer: Jyoti Prasad Agarwala

Iman Sonoka Thunuka Lyrics
Iman Sonoka Thunuka Lyrics

Iman Sonoka Thunuka Lyrics:—

ইমান চনকা ঠুনুকা
জুনুকা পিন্ধি চৰণত
ৰুণুক জুনুককৈ
নিজৰাৰ দৰে
জুৰজুৰণিৰে
জিৰজিৰণিৰে
কুলকুলনিৰে
ক’লৈ গৈছ বৈ
মৌ মাখিটোৰ
গুণগুণনিৰে
কি গান গাইছ ঐ!

মনত জ্বলা মণিকা
ক্ষণত জ্বলা ক্ষণিকা
মৌ চাওঁতেই নোহোৱা হ’লি
বিজুলি বেগেৰে গ’লি
খন্তেক’লে জ্বলি ৷৷