Assamese Lyrics
O Janata Lyrics By Jyoti Prasad Agarwala
Song: O Janata (অ’ জনতা)
Singer: Jyoti Prasad Agarwala
![]() |
| O Janata Lyrics |
O Janata Lyrics:–
অ’ জনতা !
তই বিচৰা অৰুণ-জ্যোতি
আহে
বিয়পালে ৰঙা পোহৰ
বিশ্বভুবনতে লাহে লাহে
তোৰ কপালত জিলিক্ মাৰি
মিচিক্ মিচিক্ হাঁহে হাঁহে
হাঁহে
হাঁহে সি তোৰ, আগচোতালত
হাঁহে সি তোৰ, পাছ চোতালত
তোৰ, ৰান্ধনিঘৰত
গোসাঁইঘৰত হাঁহে হাঁহে
তাৰ আৰতি গা
তাক নয়নভৰি চা
তাৰ হাঁহিৰ অৰ্থ বুজিবলৈ
তাক, মনে প্ৰাণে পূজিবলৈ
তোৰ ফুলনিৰ ফুল ছিঙি ল’
পাহে পাহে
অ’ জনতা
তই বিচৰা অৰুণ-জ্যোতি
আহে ৷
