O Prithibir Kobi Lyrics By Jyoti Prasad Agarwala

Published on April 30, 2020

Song: O Prithibir Kobi (অ’ পৃথিৱীৰ কবিৰ)

Singer: Jyoti Prasad Agarwala

O Prithibir Kobi Lyrics
O Prithibir Kobi Lyrics

O Prithibir Kobi Lyrics:—

অ’ পৃথিৱীৰ কবিৰ কথা
কেতিয়া বুজিবি তই?

কত কবি গ’ল টুকি চকুপানী
দুৱাৰে দুৱাৰে ৰৈ
অ’ পৃথিৱীৰ কবিৰ কথা
কেতিয়া বুজিবি তই?

যুগে যুগে আহি, কত গান গাই
কতবাৰ ঘূৰি গ’লো
ভাগৰি-জুগৰি নিজেই নিচুকি
পদূলিত পৰি ৰ’লো ৷

জোনে বুজিলে
তৰাই বুজিলে
বেলিয়ে বুজিলে মোক
মোৰ বীণ শুনি
নিজৰাই কান্দিলে
সাগৰৰ উতলে শোক ৷

তইযে মনুহ মোৰ
তেনেই আপোনাৰে
কবিৰ গান শুনিবৰ হ’ল
পৃথিৱী আন্ধাৰে
আৱৰি আনিছে
ব’ল, পোহৰলৈ ব’ল ৷
কাল ভৱিস্যই আহি গুণগুণালে
এডালি তাঁৰত মোৰ

ৰবিনে এতিয়াও
আন্ধাৰৰ বুলনিত
নজ্বলায় নতুনৰ
চাকিটো তোৰ?