O Prithibi Aru Kiman Din Lyrics By Jyoti Prasad Agarwala

Published on April 30, 2020

Song: O Prithibi Aru Kiman Din (অ’ পৃথিৱী আৰু কিমান দিন)

Singer: Jyoti Prasad Agarwala 

O Prithibi Aru Kiman Din Lyrics
O Prithibi Aru Kiman Din Lyrics

O Prithibi Aru Kiman Din Lyrics:—

অ’ পৃথিৱী আৰু কিমান দিন
মই বজাব লাগিব বীণ?

তোৰ বুলনিত
আপোন পাহৰা
শিল্পী জগাবলৈ

আন্ধাৰত তই
বহুতো বেহালি
আহ এতিয়া পোহৰলৈ

যেনেকৈ তই বিদায় কৰিলি
অসুৰ দানৱ যক্ষ ৰক্ষ দল
তেনেকৈয়ে আজি মানুহকো তই
হাতে হাতে দে মানুহ হৈও মানুহ
নোহোৱাৰ ফল ৷

উছলাই তুলি মহাপ্ৰলয়ৰ জল ৷
এই মানুহৰ প্ৰাণত থকা শিল্পী মানৱটি
মোৰ মন্ত্ৰেৰে সাৰ পাওক
চিৰসুন্দৰৰ নতুন ছবি চাওক ৷

গেলা-পচাৰপৰা উঠি
অৰুণালোকত কৰোক পুণ্যস্নান
গাওক, মহাজীৱনৰ, মহা অভিনৱ গান ৷