Assamese Lyrics
O Mur Puhor Boragi Lyrics By Jyoti Prasad Agarwala
Song: O Mur Puhor Boragi (অ’ মোৰ পোহৰ বৰাগী)
Singer: Jyoti Prasad Agarwala
![]() |
| O Mur Puhor Boragi Lyrics |
O Mur Puhor Boragi Lyrics:—
অ’ মোৰ পোহৰ বৰাগী
মানুহে তোক বোলে বলীয়া ৷
তোৰ লগ থাকোতেও, লগ নাইকীয়া
মানুহৰ মাজতো অকলশৰীয়া
জোনাকীবাটৰ চিৰবাটৰুৱা
অ’ মোৰ পোহৰ বৰাগী
মানুহে তোক বোলে বলিয়া ৷
তোৰ যে মনৰ থিৰ পদুমত
জ্ঞানৰ পোহৰ পৰে
তোৰ যে গানে মনে মনে
দখিতৰ মন হৰে
স্বাৰ্থ অন্ধলা ভূত পিশাচৰ
আন্ধাৰত যি জীৱন বেহায়
পোহৰত যাৰ ক্ষয়,
তোৰ পোহৰৰ সাধুকথা
সি কি বুজি পাব ?
গেলা পচাত তৃপ্তি পোৱাই
জানো অমৃত খাব?
অভিমান তোৰ মিছাকয়ে
বুলি তোৰ লগ নাই
তোৰ গান শুনি
হাজাৰে বিজাৰে,
আন্ধাৰে আন্ধাৰে
কতনা মানুহ
তোৰ গাতেই লাগি যায়
ভাবত বিভোল পোহৰ বৰাগী
তইহে দেখা নাই ৷
তোৰ চুবুৰিৰ মলি বিচৰাই
তোৰ, গানৰ নাপালে মোৰ
ঘৰৰ পৰৰ কুকুৰে কামুৰি
তেজ উলিয়ালে তোৰ
সেইহে ভাবিছ পৃথিৱীখনতে
কোনো তোৰ লগ নাই
সেইহে ভাৱিছ মানুহৰ মাজতো
মানুহ পাবলৈ নাই ৷
কোনে কয় তই অকলশৰীয়া
যেয়ে বুলিছে বোলক বলিয়া
পোহৰ বিচৰা
কোটি আতুৰে
তোক ৰিঙিয়াই মাতে
ধৰ সিহঁতৰ হাতে হাতে ৷৷
