Assamese Lyrics
Hale Jale O Lyrics By Dipen Baruah
Song: Hale Jale O (হালে জালে অ)
Singer: Dipen Baruah
Hale Jale O Lyrics:—
অ’… অ’… অ’…
অ’… হালে জালে অ’ লাহী বিৰিণা
উৰণীয়া কৰে গা
হালে জালে অ’ লাহী বিৰিণা
উৰণীয়া কৰে গা
জিৰাই অ’ তাতে জিৰাই
তাতে লগাই ফুৰে বা
অ’… হালে জালে অ’ লাহী বিৰিণা
উৰণীয়া কৰে গা …
ৰিণিকি ৰিণিকি শিলিকী চখী
দেখা দি নেদেখা হৱ ।
বাঁহৰে আগলি কৰে জিলিমিলি
ত’তে আকোৱালি ল
নৈ চেঙেলীয়া গাঁজি বনৰীয়া
নৈয়ে নৈয়ে উটি যায়
জিৰাই অ’ তাতে জিৰাই
তাতে লগাই ফুৰে বা
অ’… হালে জালে অ’ লাহী বিৰিণা
উৰণীয়া কৰে গা …
উকিয়াই উকিয়াই দি যাওঁ পখিলাই
কৈ যাওঁ মনৰে কথা ।
শুন কি নুশুন বুকুৰে ৰিণি মোৰ
শুন কি নুশুন বেঠা
মৰম আকলুৱা ফুৰোঁ পিছে পিছে
তাৰে লগৰে ছাঁ
জিৰাই অ’ তাতে জিৰাই
তাতে লগাই ফুৰে বা
অ’… হালে জালে অ’ লাহী বিৰিণা
উৰণীয়া কৰে গা
জিৰাই অ’ তাতে জিৰাই
তাতে লগাই ফুৰে বা
অ’… হালে জালে অ’ লাহী বিৰিণা
উৰণীয়া কৰে গা
হালে জালে অ’ লাহী বিৰিণা
উৰণীয়া কৰে গা ।