Dukhiya Koliza Lyrics By Bishnu Prasad Rabha

Published on April 21, 2020

Song: Dukhiya Koliza (দুখীয়া কলিজা)

Singer: Bishnu Prasad Rabha

Dukhiya Koliza Lyrics
Dukhiya Koliza Lyrics

Dukhiya Koliza Lyrics:—

দুখীয়া কলিজা নিঙাৰি ল’ব
টুপি টুপি তেজ শুঁহি শুঁহি পিব
ৰুকি ৰুকি মঙহ চোবাই খাব
কুৰুকি হাড় কেউডালো চোবাব

হুচিয়াৰ! হুচিয়াৰ!
ধনী! মহাজন! জমিদাৰ!
হুচিয়াৰ! হুচিয়াৰ!

বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্‌বহাৰাৰে মুক্তকামী
চূৰ্ণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ, পণ আমাৰ

হুচিয়াৰ! হুচিয়াৰ!
ধনী! মহাজন! জমিদাৰ!
হুচিয়াৰ! হুচিয়াৰ!

শেষ যুদ্ধৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ’ম বিজয়ী আমি দুখীয়া
ক’ত ৰবি ধনী এইবাৰ?

হুচিয়াৰ! হুচিয়াৰ!
ধনী! মহাজন! জমিদাৰ!
হুচিয়াৰ! হুচিয়াৰ!