Tumi Jen Popiya Tora Lyrics By Zubeen Garg

Published on April 13, 2020

Song: Tumi Jen Popiya Tora (তুমি যেন পপীয়া তৰা)

Singer: Zubeen Garg

Tumi Jen Popiya Tora Lyrics
Tumi Jen Popiya Tora Lyrics

Tumi Jen Popiya Tora Lyrics:—


তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ
তুমি যেন আৱৰি ধৰা
ভিতৰে বাহিৰে বৈ
উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ…

তোমাতে আদি-অনাদি


তোমাৰে নামৰ ৰাগিণী
ওঁঠৰে তৃষা সামৰি
দুহাতৰ কোমল আঙুলি
পৰশি উজাই নামনি
আৱেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহত
তোমাতেই লিখা জীৱনী
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ…

বাঢ়ি আহিব দিয়ানা


দুচকুত হেৰাই যোৱানা
সাগৰৰ নাবিক হোৱানা
জাগি উঠিব দিয়ানা
বুকুতে শিপাই যোৱানা
পথাৰৰ পলস হোৱানা
উশাহৰ গভীৰ পিয়াহত
আদৰৰ আঁচোৰ দিয়ানা
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ…