Assamese Lyrics
Junaki Karengot Lyrics By Jyoti Prasad Agarwala
Song: Junaki Karengot (জোনাকী কাৰেঙত)
Singer: Jyoti Prasad Agarwala
![]() |
| Junaki Karengot Lyrics |
Junaki Karengot Lyrics:–
জোনাকী কাৰেঙত কোনে বীণ বায় ?
জোনাকী কাৰেঙত কোনে বীণ বায় ?
পোহৰে পোহৰে হাঁহি বিলায় ।
আমাৰে নিমাতীৰ কোনে মাত ফুটাব
ওঁঠতে হাঁহিটি দিব ফুলাই
আমাৰ নিমাতীজনী
নীল সাগৰৰ হীৰা মণি
অৰুণৰ হাঁহিৰে মুখনি বোলোৱা
আলাসৰ প্ৰতিমাখনি
হাঁহো হাঁহো কৈ
চকু দুপাহিয়ে
হঁহা নাই অতদিনে
মাতো মাতো কৈ
ওঁঠ দুখনিয়ে
অমাতৰে মন জিনে ।
ধিয়ানে গিয়ানে সচিতে সপোনে
কাকনো বিচাৰে কাকনো চায়
বীণ খনি বায়?
কোনেনো দিবহি হাঁহি ফুলাই
নিমাতী কইনাৰ মাত ফুটা নাই
অ’ মাত ফুটা নাই
জোনাকী কাৰেঙত কোনে বীণ বায় ?
