Assamese Lyrics
Dolisa Lyrics – New Assamese Song | Deeplina Deka
Song: Dolisa (দলিচা)
Artist: Deeplina Deka
Album: Dolisa – Single
Lyrics: Palash Gogoi
![]() |
| Dolisa Lyrics |
Dolisa Lyrics:—
ৰাখিবলে তোমাক
নালাগে এখন ঘৰ
মোৰ বুকুতে ৰাখিম
ওৰেটো জীৱন ভৰ
তুমি দিবা মৰম
সেই মৰমে মোক
ৰাখিব যেন জীয়াই
নালাগিব ভোক
টোপনি তোমাৰ নাহিলে তোমাক
তোমাক ওচৰ চপাই আনি মই
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ
অ …. অ …..
আ…. আ…..
অভিমান কৰিবা
মনটো ভৰিব
মোৰ মৰমত সেই
অভিমান গলিব
নিজানতে বহিবা
মনতে পৰিব
মোৰ কথাবোৰে
আমনি কৰিব
টোপনি তোমাৰ নাহিলে তোমাক
তোমাক ওচৰ চপাই আনি মই
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ
অ …. অ …..
আ…. আ…..
দলিছা পাৰিছো
মনত আহিবা
মনতে থাকিবা তুমি
থাকিলে মৰমবোৰ
হৃদয়ো থাকিব
হৃদয়ত থাকিবা তুমি
ধুমুহাও আহিব
এন্ধাৰ এন্ধাৰ কৰি
থাকিম তোমাৰ সতে
তোমাৰ হাতে ধৰি
মৰমে বান্ধিব
মৰম এনাজৰী
মোৰ নামৰ জীৱন
তোমাৰ নামোৰ কৰি
টোপনি তোমাৰ নাহিলে তোমাক
তোমাক ওচৰ চপাই আনি মই
শুৱাম তোমাক বুকুতে লৈ
শুনাম নিজান ৰাতিৰ সুৰ
অ …. অ …..
আ…. আ…..
