Assamese Lyrics
Xora Pate Pate Fagun Lyrics By Gayatri Hazarika
Song: Xora Pate Pate Fagun (সৰা পাতে পাতে ফাগুন)
Singer: Gayatri Hazarika
Xora Pate Pate Fagun Lyrics:–
সৰা পাতে পাতে ফাগুন নামে
পলাশৰে ৰং ৰাঙলী
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
ভাল লাগে মোৰ কিয়নো চাই
পছোৱা বতাহৰ ধেমালি…
মন যায় মোৰ ধূলিৰে উমলি
পলাশৰ ৰঙতে ৰাঙলী…
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
সৰা পাতে পাতে ফাগুন নামে
ডাৱৰে ডাৱৰে লুকা-ভাকু
সৌ জোন-বেলিয়ে ৰিঙিয়াই শুধিলে
জোন-বেলিয়ে ৰিঙিয়াই শুধিলে
(আছেনে বতাহ হৈ বাউলি) ×২
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী…
সৰা পাতে পাতে ফাগুন নামে
কমোৱা তুলা হৈ মন উৰি
দূৰ-দূৰণিৰ চিনাকী সুঁহুৰি
সৌ দূৰ-দূৰণিৰ চিনাকী সুঁহুৰি
(অচিনা যদিও চিনাকী) ×২
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
ভাল লাগে মোৰ কিয়নো চাই
পছোৱা বতাহৰ ধেমালি
মন যায় মোৰ ধূলিৰে উমলি
পলাশৰ ৰঙতে ৰাঙলী…
বতাহে কাণে কাণে ক’লে
নহ’বা উদাস অভিমানী
সৰা পাতে পাতে ফাগুন নামে
Xora Pate Pate Fagun Full Video With Lyrics
Source: Youtube