Kar Janu Poroxot Lyrics By Manjyotsna Mahanta

Published on March 28, 2020

Song: Kar Janu Poroxot (কাৰ জানো পৰশত)

Singer: Manjyotsna Mahanta

Lyrics: Rudra Barua

Kar Janu Poroxot Lyrics
Kar Janu Poroxot Lyrics

Kar Janu Poroxot Lyrics:–

কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতি পাহি
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতি পাহি

পশ্চিম আকাশখনি
ৰটোৱালে ঢকা আজি
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাহি ভাহি
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাহি ভাহি
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতি পাহি

তৰা বছা আকাশত লাজুকী জোনে
ওলগ জনাই যেন মিচিকি হাঁহি
তৰা বছা আকাশত লাজুকী জোনে
ওলগ জনাই যেন মিচিকি হাঁহি
চালেদি সৰগ দেখা পঁজাটিত যেন
বাজি উঠে শত সুৰে মোৰ মন বাঁহী
চালেদি সৰগ দেখা পঁজাটিত যেন
বাজি উঠে শত সুৰে মোৰ মন বাঁহী
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতি পাহি

মোৰ আকাশৰ কলীয়া ডাৱৰ
চমকা চমকে যায় উৰি
মোৰ আকাশৰ কলীয়া ডাৱৰ
চমকা চমকে যায় উৰি
নুমাওঁ নুমাওঁ যেন দীপগছি মোৰ
জ্বলি উঠে জ্বলি উঠে
অজানাৰ আগমণ জানি
নুমাওঁ নুমাওঁ যেন দীপগছি মোৰ
জ্বলি উঠে জ্বলি উঠে
অজানাৰ আগমণ জানি

কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতি পাহি
পশ্চিম আকাশখনি
ৰটোৱালে ঢকা আজি
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাহি ভাহি
তাৰ মাজে আহে মোৰ
সোণৰ সপোন ভাহি ভাহি
কাৰ জানো পৰশত
ফুলি উঠে মোৰ
মাধৈ মালতি পাহি
মাধৈ মালতি পাহি…৷