Din Din Nodike Sai Lyrics By Nilima Khatun

Published on March 27, 2020

Song: Din Din Nodike Sai (দিন দিন নদীকে চাই)

Singer: Nilima Khatun

Music: Prabhat Sarma

Lyrics: Nirmal Prabha Bordoloi

Din Din Nodike Sai Lyrics
Din Din Nodike Sai Lyrics

Din Din Nodike Sai Lyrics:–

(দিন দিন নদীকে চাই ৰ’লোঁ যে
পানচৈ আহেনে বুলি চালোঁ যে
বেলি উঠি বুৰে জোন ঢলি পৰে
নিজান নদীৰ দূৰ পাৰে পাৰে…
তেওচোন মোৰ সোণ
নাহিলে নাহিলে
অ’… অ’… অ’…) ×২

(কুহু কুহু কৰি বিনাই
ডাউকেও বনত লুকায় ..!
লুকুৱাই নিশা…
মেঘ বৰণ চিকুণ কানু
ক’তে গৈ বজাই বেণু…
কিনো আছে আশা…) ×২
(চৰায়ো নহ’লোঁ
উৰিও যাবলৈ
তোমাকে চাবলৈ
দুকাষে দুপাখি লৈ…) ×২
দুকাষে দুপাখি লৈ…

গুণ গুণ ভোমোৰা
যাচোন
ক’চোন
বতৰা মোৰ…
(দিন দিন নদীকে চাই ৰ’লোঁ যে
পানচৈ আহেনে বুলি চালোঁ যে
বেলি উঠি বুৰে জোন ঢলি পৰে
নিজান নদীৰ দূৰ পাৰে পাৰে…
তেওচোন মোৰ সোণ
নাহিলে নাহিলে
অ’… অ’… অ’…) ×২