Bukure Majote Lyrics | Zubeen Garg | Ritrisha

Published on March 24, 2020

Song: Bukure Majote (বুকুৰে মাজতে)

Lyricist: Zubeen Garg

Singer: Ritrisha

Musician: Zubeen Garg

Bukure Majote Lyrics
Bukure Majote Lyrics

Bukure Majote Lyrics:—

বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি
দুচকুৰ মাজতে
জোনাকী এজাকে
পাখি মেলিলে আজি
মোৰ হেঁপাহ মোৰ উল্লাস
মোৰ সুৰৰ পানচৈ
মোৰ আকাশ মোৰ বতাহ
উটি ভাহি তুমি হৈ
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি…
অ’… অ’… অ’…
জোনাকে জোনাকে
মনৰ জুনুকা
বাজে মাথোঁ তোমালৈ
এন্ধাৰে এন্ধাৰে মনৰ শব্‌দে
চিঞৰি তোমালৈ
মোৰ হেঁপাহ মোৰ উল্লাস
মোৰ সুৰৰ পানচৈ
মোৰ আকাশ মোৰ বতাহ
উটি ভাহি তুমি হৈ
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি…
অ’… অ’… অ’…
এটি এটি পুৱা
এটি এটি নিশা
জ্বলি সৰি শেষ শেৱালি
খিৰিকী সিপাৰে তুমি হাত বাউলি
জুনুকা হ’ল বাউলি
মোৰ হেঁপাহ মোৰ উল্লাস
মোৰ সুৰৰ পানচৈ
মোৰ আকাশ মোৰ বতাহ
উটি ভাহি তুমি হৈ
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি…।